All news

All the latest news

Every story from Assam, India and the world, newest first.

  • All sections
  • Newest first
  • অসমীয়া ভাষাত

1 news

Today

General

এমাহৰ ভিতৰত বিধিৰ খচৰা, বিবাহৰ পঞ্জীয়নৰ পৰা লিভ-ইন সম্পৰ্কলৈ আহিব কঠোৰ নিয়ম

UCC আইনৰ বিধি প্ৰস্তুতৰ বাবে গঠন কৰিলে সমিতিI এটা মাহৰ ভিতৰত সমিতিয়ে দিব লাগিব খচৰা বিধিI ১৩ অক্টোবৰত এক জাননীযোগে ৰাজ্য চৰকাৰে গঠন কৰে UCC বিধেয়কৰ বিধি প্ৰস্তুতৰ সমিতিখনI ইতিমধ্যেই UCC আইনৰ বিধি প্ৰস্তুতৰ বাবে কমিটি গঠন কৰি ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ ৰাজ্য চৰকাৰৰI গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰক দিয়া হৈছে সমিতিখনৰ অধ্যক্ষৰ দায়িত্বI সদস্যৰূপে থাকিব বিত্ত বিভাগৰ বিশেষ আয়ুক্ত সচিব পাৰ্থপ্ৰতিম মজুমদাৰ, ন্যায়িক বিভাগৰ সচিব গীতাঞ্জলি ডি শইকীয়া, সংখ্যালঘু কল্যাণ বিভাগৰ সচিব ফৰিদা ছামছুল, ডাইৰেক্টৰ অব্ প্ৰছিকিউশ্যন মাখন ফুকন, গৃহ-ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব মৃদুল কুমাৰ দাস, অসমৰ সহকাৰী মহা-পঞ্জীয়ক মনজিত্‍ কুমাৰ দাস আৰু গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ-সচিব তাপস গুপ্তাI

2 min readAssamRead more