বিস্ফোৰক মন্তব্য কৰিছে । ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সামাজিক মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে টাটা গ্ৰুপক 'অপৰাধমূলকভাৱে ধ্বংস' কৰা হৈছে । কিন্তু এই সন্দৰ্ভত দেশৰ কোনো এজন উদ্যোগপতি বা ব্যৱসায়িক নেতাই মুখ খুলিবলৈ সাহস কৰা নাই । উল্লেখ্য যে শেহতীয়াকৈ টাটা ছন্সৰ পৰিচালনা সমিতিত (Managing Board) এন চন্দ্ৰশেখৰনক পুনৰ কাৰ্যবাহী অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে । কিন্তু এই নিযুক্তি সন্দৰ্ভত টাটা ছন্সৰ অধ্যক্ষ নোৱেল টাটাই পদ্ধতিগত অনিয়মৰ কথা উল্লেখ কৰিছে । এই বিতৰ্কৰ মাজতে ৰাহুল গান্ধীৰ এই চোকা আক্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে । প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা আনহাতে, এই প্ৰসংগত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে । মোদী-শ্বাহক লক্ষ্য কৰি বিৰোধী দলপতিগৰাকীয়ে কয় যে ভাৰতৰ বাণিজ্য বা ব্যৱসায় জগতখন কাৰো ব্যক্তিগত সম্পত্তি নহয় ।