International Relationsবিশ্ব
ভাৰতীয় পাইলট স্মিট মাচ্চাৰ আৰু ফ্লাইডুবাইলৈ ইউএইৰ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা
বিগত ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাই বিমান এফ জেড ১০৭৩ ত সহ-পাইলটে কৰা আক্ৰমণৰ পিছত মাচ্চাৰে প্ৰায় ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল ৷ যাৰ বাবে তেওঁক এই সন্মান যঁচা হয় ৷
ডুবাই: ভাৰতীয় পাইলট কেপ্টেইন স্মিট মাচ্চাৰলৈ বিশেষ সন্মান ৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আকাশমাৰ্গত শতাধিক যাত্ৰীৰ প্ৰাণৰক্ষা কৰা ভাৰতীয় পাইলট মাচ্চাৰলৈ সংযুক্ত আৰব আমিৰশ্বাহৰ ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা আগবঢ়োৱা হৈছে ৷
সংযুক্ত আৰব আমিৰশ্বাহৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয় পাইলট স্মিট মাচ্চাৰ আৰু ফ্লাইডুবাইৰ দলটোক সাহসিকতাৰ বাবে এই সন্মান জনায় । দেশখনৰ ৰাষ্ট্ৰপতি হিজ হাইনেছ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানে ‘দ্বিতীয় জায়েদৰ প্ৰথম শ্ৰেণীৰ অৰ্ডাৰ’ শীৰ্ষক এই বঁটা প্ৰদান কৰে ।
বিগত ৩০ ছেপ্টেম্বৰত ডুবাইৰ পৰা টেল আভিভলৈ উৰা মৰা ফ্লাইডুবাই বিমান এফ জেড ১০৭৩ ত সহ-পাইলটে কৰা আক্ৰমণৰ পিছত মাচ্চাৰে প্ৰায় ১৭০ গৰাকী যাত্ৰীৰ প্ৰাণৰক্ষা কৰিছিল ৷ যাৰ বাবে তেওঁক এই সন্মান যঁচা হয় ৷
মঙলবাৰে ডুবাইস্থিত সংবাদ মাধ্যমৰ এক কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰে ৷ ডুবাইৰ ক্ৰাউন প্ৰিন্স, উপ-প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী হিজ হাইনেছ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ আল মাকতুমে এই পদকসমূহ প্ৰদান কৰে বুলি এই বিবৃতিত প্ৰকাশ কৰা হৈছে ৷ তেওঁলোকে পাইলটগৰাকীৰ লগতে ক্ৰুসকলক এই কাৰ্য আৰু দায়িত্ববোধৰ বাবে উচ্চ প্ৰশংসা কৰে ।
কেপ্টেইন মাচ্চাৰে কয় যে আক্ৰমণৰ ঠিক পূৰ্বে তেওঁৰ সহ-পাইলটে প্ৰাৰ্থনা কৰিবলৈ আগ্ৰহ দেখুৱায় ৷ তাৰ পিছতে কেপ্টেইন মাচ্চাৰে আগলৈ চায় আৰু সহ-পাইলটে প্ৰাৰ্থনা কৰিবলৈ ধৰে ।
তাৰে ঠিক প্ৰায় ৪-৫ মিনিটৰ পিছতে তেওঁ মূৰৰ পিছফালে এক প্ৰচণ্ড আঘাত পায় । প্ৰথমতে তেওঁ এয়া বিমানৰ কাৰিকৰী সমস্যাৰ ফলত হোৱা বুলি ভাবে ৷
← বিশ্ব: সকলো খবৰ
