হায়দৰাবাদ : এইবাৰ নিৰ্বাচনী প্ৰচাৰৰ গানত নহয়, কে-পপ আৰ্টিষ্টৰ গানত এপাক নাঁচিলে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু লগত জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকা তথা পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ শৰ্মাই পিন্ধিছে বগা চাৰ্টৰ লগত নীলা নেহৰু জেকেট, হাজৰিকাই পিন্ধিছে বগা চাৰ্টৰ লগত ক’লা নেহৰু জেকেট আৰু এফালে মল্লবৰুৱাই পিন্ধিছে গেৰুৱা বসন ৷ মুখ্যমন্ত্ৰীৰ নামত থকা অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’টোত হিমন্ত বিশ্ব শৰ্মাক পিএছৱাইৰ কে-পপ ইলেক্ট্ৰ'পপ আৰু হিপ-হপ গীত Gangnam Style ৰ আইকনিক ষ্টেপত নৃত্য কৰা দেখা গৈছে ৷ লগত আছে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰীকা আৰু জয়ন্ত মল্লবৰুৱা ।