Assamese Cinemaমনোৰঞ্জন
ঘূৰ্ণীবতাহ 'অৰ্ণৱ'ৰ বাবে ওড়িশাত হাই এলাৰ্ট জাৰি, ১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
ঘূৰ্ণীবতাহ 'অৰ্ণৱ'ৰ বাবে ওড়িশাত হাই এলাৰ্ট জাৰি, ১ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ অন্ধ্ৰপ্ৰদেশৰ উপকূলত ঘূৰ্ণীবতাহ অৰ্ণৱ, প্ৰচণ্ড বতাহ বলিছে । আশ্ৰয় শিবিৰত থকাসকলক পৰিস্থিতি সম্পূৰ্ণৰূপে উন্নত হ’লেহে ঘৰলৈ পঠিয়াবলৈ নিৰ্দেশ ৷
ভুৱনেশ্বৰ : এফালৰ পৰা সকলো তহিলং কৰি আহিছে ঘূৰ্ণীবতাহ অৰ্ণৱ ৷ বতৰ বিজ্ঞানৰ তথ্য অনুসৰি, অন্ধ্ৰপ্ৰদেশত এই ঘূৰ্ণীবতাহে ইতিমধ্যে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ৰাজ্যখনত ঘণ্টাত ১২০-১৫০ কিলোমিটাৰ বেগেৰে বতাহ বলিছে ।
কেৱল অন্ধ্ৰতে নহয়, ওড়িশাতো ঘূৰ্ণীবতাহ অৰ্ণৱৰ প্ৰভাৱ পৰা দেখা গৈছে ৷ ওড়িশাৰ বহু অঞ্চলত বানপানী আৰু ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ বাবে ৰাজ্য চৰকাৰে কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ।
← মনোৰঞ্জন: সকলো খবৰ
