Fashion & Beautyজীৱনশৈলী
জীৱন অতিবাহিত কৰিবলৈ সম্পৰ্ক এটা কেনে হোৱা উচিত, কি কৈছিল বিকী কৌশল?
জীৱন অতিবাহিত কৰিবলৈ সম্পৰ্ক এটা কেনে হোৱা উচিত, কি কৈছিল বিকী কৌশল? ভবামতেই বিকীয়ে বিচাৰি পালে জীৱনসংগী, কৈছিল এনে এজনক বিচাৰোঁ, যাৰ কাষত থাকিলে ঘৰত থকাৰ দৰে অনুভৱ হয় ৷
হায়দৰাবাদ : বিকী কৌশল আৰু কেটৰিণা কাঈফ বলীউডৰ জনপ্ৰিয় দম্পতীবোৰৰ ভিতৰত নেটিজেনৰ অন্যতম মৰমৰ দম্পতী । কেটৰিণাৰ সৈতে বিয়াৰ পূৰ্বেই বিকীয়ে এবাৰ কৈছিল, তেওঁ কেনেকুৱা সংগী বিচাৰে? এটা শ্ব’ত ‘ছাৱা’ অভিনেতাজনে প্ৰকাশ কৰিছিল যে, তেওঁৰ মতে ভাল সম্পৰ্ক এটা কেনেকুৱা হয় ।
দুঃসাহসিক টিভি শ্ব’ ‘ইণ্টু দ্য ৱাইল্ড’ত বিয়েৰ গ্ৰীলছৰ সৈতে উপস্থিত হৈছিল বিকী কৌশল ৷ সেই শ্ব’টোত তেওঁক তেওঁৰ বিবাহৰ পৰিকল্পনাৰ বিষয়ে সোধা হৈছিল । বহু নাৰীৰ হৃদয়ত সুকীয়া স্থান দখল কৰি থকা বিকীয়ে কৈছিল, "মই বিয়া পাতিবলৈ ভাল পাম, এটা সময়ত ।"
← জীৱনশৈলী: সকলো খবৰ
